হৃদৰোগ – এক নীৰৱ ঘাতক

হৃদৰোগ প্ৰতিৰোধ কৰো আহক

ডাঃ চন্দন মোদক

হৃদযন্ত্ৰৰ কাম কি?

হৃদযন্ত্ৰ আমাৰ শৰীৰৰ মূখ্য অংগ যিয়ে আমাৰ অন্যান্ন সকলো অংগ-প্ৰত্যংগৰ সঠিক পৰিচালনাৰ কাৰণে অতি জৰুৰী অম্লজান(OXYGEN)ৰ যোগান ধৰে। আমি নজনাকৈয়ে আমাৰ জন্মৰ আগৰে পৰাই আমাৰ হৃদপিন্ডই ইয়াৰ সংকোচন সম্প্ৰসাৰনৰ জৰিয়তে অবিৰতভাৱে আমাৰ সমস্ত শৰীৰলৈ ৰক্তসন্চালন প্ৰক্ৰিয়া চলাই ৰাখে- আমাৰ মৃত্যুলৈকে ।

হৃদৰোগ কি ? 
হৃদৰোগ হ’ল একাধিক  ৰোগৰ সমষ্টি যিবোৰে আমাৰ হৃদযন্ত্ৰক আক্ৰমণ কৰি ইয়াৰ সঠিক কৰ্মপ্ৰক্ৰিয়াত ব্যঘাত জন্মায়। যেনে-

  • ‘ৰিউমেটিক হাৰ্ট ডিজিজ’ ( Rheumatic Valvular Heart Disease) অথবা ভাল্ভৰ বেমাৰ,
  • ‘কোৰোনাৰী আৰটাৰী ডিজিজ'(Coronary Artery Disease) অথবা হৃদযন্ত্ৰৰ তেজৰ নলীকাৰ বেমাৰ,
  • ‘হাৰ্ট  এটেক’ (Heart Attack),
  • হাৰ্ট ফেইলাৰ’ (Heart Failure),
  • হাৰ্ট ব্লক’  (Heart Block)

‘ৰিউমেটিক হাৰ্ট ডিজিজ’ – ভাল্ভৰ বেমাৰ

  • এবিধ বেক্টেৰিয়াৰ আক্ৰমণৰ ফলত হৃদযন্ত্ৰৰ ভাল্ভ ক্ষতিগ্ৰস্ত হয় আৰু আমি  হৃদৰোগত আক্ৰান্ত হৈ পৰো।
  • বেছিভাগ ৰোগীৰ ক্ষেত্ৰতে শ্বাস-প্ৰস্বাসৰ কষ্ট, অনবৰত বুকুৰ ধপধপনি, কাঁহ, ভৰি ফুলা ইত্যাদি লক্ষ্যণবোৰে দেখা দিয়ে।
  • এই ৰোগ  আমাৰ দুখীয়া শ্ৰেণীৰ মানুহৰ মাজতে বেছিকে দেখিবলে পোৱা যায়।
  • এই ৰোগৰ পৰা হাত সৰাৰ একমাত্ৰ উপায় হৈছে্ সাধাৰণ কাঁহ জ্বৰ হ’লেও ডাক্তৰৰ পৰামৰ্শ লৈ এন্টিবায়টিক খোৱা যাতে বীজাণুবিধে হৃদযন্ত্ৰক আক্ৰাণ্ত কৰিব নোৱাৰে।

‘কোৰোনাৰী আৰটাৰী ডিজিজ’ অথবা হৃদযন্ত্ৰৰ তেজৰ নলীকাৰ বেমাৰ

  • তেজৰ নলীকা কিছুমানে হৃদপিন্ডৰ পেশীক অম্লজান আৰু খাদ্যৰ যোগান ধৰে।
  • আমাৰ শৰী্ৰৰ ক্ষতিকাৰক মেদৰ (CHOLESTEROL) পৰিমাণ বাঢ়িলে তেজৰ নলীকাবোৰত এই মেদ জমা হয় (ATHEROSCLEROSIS) আৰু নলীবো্ৰ ব্যাসাৰ্ধ কমি যায়।
  • এই নলীবো্ৰ যদি আংশিকভাৱে বন্ধ হয় তেতিয়া মানুহৰ বুকুৰ বিষ (ANGINA) হয়।কামৰ লগত, খোজৰ লগত এই বিষ বাঢ়ি যায় আৰু আৰাম কৰিলে কমি যায়।

‘হাৰ্ট  এটেক’ (Heart Attack)

  • এই নলীবো্ৰ যদি সম্পূৰ্ণৰূপে বন্ধ হয় তেতিয়া বহুত গুৰুতৰ বেমাৰ- ‘হাৰ্ট এটেক’ হোৱা বুলি কোৱা হয়।
  • বেছিভাগ ৰোগীৰ ক্ষেত্ৰতে প্ৰচন্ড বুকুৰ বিষ হয়, বাঁও হাতৰ বিষ, বুকুত হেচা মাৰি ধৰে, ঘামি যায়, মৰি যোৱাৰ ভয় হয়।
  • শ্বাস-প্ৰস্বাসৰ কষ্ট, বুকুৰ ধপধপনি ইত্যাদি লক্ষ্যণবোৰে দেখা দিয়ে।



‘হাৰ্ট ফেইলাৰ’ -Heart Failure
হৃদযন্ত্ৰৰ পেশীৰ দুৰ্বলতাৰ ফলত ইয়াৰ সংকোচন শক্তি হ্ৰাস পায়।

লক্ষ্যণসমূহ:

  • দুৰ্বলতা, খোজ কাঢ়িলে শ্বাস-প্ৰস্বাসৰ কষ্ট,
  • ভৰি ফুলা, পেট ফুলা,
  • শ্বাস-প্ৰস্বাসৰ কষ্টত ৰাতি শুব নোৱাৰা হোৱা,
  • ৰাতি কাঁহি থকা
  • বুকুৰ ধপধপনি

‘হাৰ্ট ব্লক’ (Heart Block)

হৃদযন্ত্ৰৰ গতি হ্ৰাস পালে মানুহ মুৰ্ছা যায়।

লক্ষ্যণসমূহ:

  • ভাল মানুহ এজন হঠাতে মুৰ্ছা যোৱা,
  • হঠাতে মূৰটো বেয়া লগা আৰু পৰি যোৱাৰ উপক্ৰম হোৱা,
  • দুৰ্বলতা,
  • ভৰি ফুলা

হৃদৰোগৰ পৰা হাতসৰাৰ উপায় আছেনে?

  • আছে।।
  • ​উচ্চ ৰক্ত চাপ নিয়ন্ত্ৰণ কৰক–প্ৰতিদিনে দৰৱ খাওক, নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে ডাক্তৰৰ পৰামৰ্শ লওক ​।
  • ​​ডায়েবেটিছ দূৰাৰোগ্য ব্যধি-ইয়াক নিয়ন্ত্ৰণ কৰক, প্ৰতিদিনে দৰৱ খাওক, নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে ডাক্তৰৰ পৰামৰ্শ লওক ।
  • জীৱন শৈলী উন্নত কৰক–নিতৌ অন্ততঃ ৪৫ মিনিট সময় শৰীৰ চৰ্চা কৰক- দৌৰক, চাইকেল চলাওক বা সাতোৰক ।
  • ​​তেলুক মাংস, গাখীৰৰ মাখন, ঘী, কনীৰ কুহুম আদি হৃদৰোগৰ শত্ৰু-আজিয়ে বৰ্জন কৰক ।
  • ​ সতেজ সেউজীয়া শাক-পাচলি, ফল-মূল বেছিকৈ খাওক।




2 thoughts on “হৃদৰোগ – এক নীৰৱ ঘাতক”

  1. মোৰ ১০ বছৰ মান হল.বুকু দপদপনি হয়.ভয় ভয় লাগে মৰি যোৱা ভয় হয়.মাজে মাজে.ঘাম ওলায়. মাদক দ্ৰৱ নামত গোতকা বেছি খাও.
    ডাক্তৰ পৰাৰ্মশ লওতে নাভৰ প্ৰব্লেম বুলি কইছে.টুপনি দৰব দিছিল. মই নাই খোৱা.
    দৰব খাবলে ভয় লাগে.
    ১০ বছৰ দিন এনেদৰে আছো.
    ঘৰ পৰা দূৰলে গলে ভয় লাগে .নাযাও.
    পৰাৰ্মশ দিলে ওপকৃত হম.

Leave a Reply

Your email address will not be published. Required fields are marked *