পৰিৱেশ-প্ৰকৃতি : NABAJYOTI PATHAK

আধুনিক সভ্যতাই পাতনি মেলাৰ পিছৰে পৰা পৰিৱেশতন্ত্রলৈ বিভিন্ন ধৰনৰ পৰিৱৰ্তন নামি আহিছে।বিগত শতিকাৰ শেষৰ কেইটামান দহকৰ পৰা এই পৰিৱৰ্তন অধিক তীব্ৰতৰ হোৱা পৰিলক্ষিত হৈছে।যুক্তিৰ যুগক চেৰ পেলাই প্ৰযুক্তিয়ে আধুনিক সভ্যতাক অত্যাধুনিক ৰূপ দিয়াৰ লগে লগে পৰিৱেশ আৰু প্ৰকৃতিও দ্ৰুতভাৱে সলনি হৈছে।দৰাচলতে আমি ক’ব খোজা এই আধুনিক অথবা অত্যাধুনিক মানৱ সভ্যতাৰ তথাকথিত উত্তৰনৰ পৰিণতিত পৰিৱেশ-প্ৰকৃতিত নেতিবাচক প্ৰভাৱ পৰাৰ বিষয়টো সম্প্ৰতি বিগ্জ্ঞানী সমাজৰ বাবে গৱেষনাৰ বিষয়।কিন্তু যিসকল লোকে প্ৰকৃতি নিৰ্ভৰ তেওঁলোকে জটিল গৱেষণাৰ নকৰাকৈয়ে এই কথা প্ৰত্যক্ষ কৰি আহিছে যে প্ৰকৃতি এতিয়া জীৱকূলৰ বীশেষকৈ মানৱ সমাজৰ প্ৰতি ৰুষ্ট হৈ পৰিছে।গ্ল’বেল ৱাৰ্মিঙৰ প্ৰভাৱত সমগ্ৰ বিশ্বতে খেয়ালি প্ৰকৃতিয়ে সম্প্ৰতি খঙাল ৰূপ ধাৰন কৰিছে।হিমালয়ৰ হিমবাহৰ অতিমাত্ৰ গলন অথবা একালৰ নাতীশীতোষ্ণ বুলি খ্যাত হিমালয়ৰ পাদ দেশৰ বিস্তৃৰ্ণ অঞ্চলত দেখা দিয়া অকাল খৰাং, পৰলয়ংকৰী বানপানী, অসময়ৰ ধুমুহা-প্ৰকৃতিৰ এই ৰূপ তথাকথিতঅত্যাধুনিক মানৱ সভ্যতাই মাটি-পানী-বায়ুৰ ক্ষেত্ৰত উলংঘা কৰা নীত-নিয়মৰে চৰম পৰিণতি বুলি বিভিন্ন পৰিৱেশ বিগ্জ্ঞানীয়েও উল্লেখ কৰি আহিছে।জটিল বৈগ্জ্ঞানীক তত্ত্বক বাদ দিও প্ৰকৃতিনিৰ্ভৰ সাধৰন মানুহৰ বাবে জীৱকূলে বসবাস কৰাৰ উপযোগী বাতাবৰণেই হৈছে সহজ অৰ্থত আমাৰ পৰিৱেশ।অৰ্থাত উপযোগী বাতাবৰণত জীৱশ্ৰেষ্ঠ মানুহ অৰন্যৰ জন্তু-জানোৱাৰ,সাপ-সৰীসৃপ সকলোৱে জীৱন-যাপন কৰি পৰিৱেশতন্ত্ৰৰ চিৰন্তন নীতি-নিয়ম উলংঘা কৰি পৃথিৱীখনত কেৱল তেওঁলোকৰ একচত্রী অধিকাৰ সাব্যস্ত কৰি আহিছে।এই নীতি-নিয়ম উলংঘা কৰি পৃথিৱীখনত কেৱল তেওঁলোকৰ একচত্রী অধিকাৰ সাব্যস্ত কৰি আহিছে। কংক্ৰিটৰ সভ্যতা গঢ়ি তোলাৰ নামত পৃথিৱীৰ বুকুৰ পৰা কিমান খন সেউজ অৰণ্যই বিদায় মাগিবলগীয়া হ’ল, কিমানখন নদীৰ মৃত্যু ঘটিল, কিমান জান-জলাশয়, পাহাৰ-টিলা হেৰাই গ’ল ইয়াৰ লেখ-জোখ নাই।জীৱশ্ৰেস্ঠ বুলি স্ব-ঘোষিত মানুহৰ সমাজখনৰা আগ্ৰাসনৰ পৰিণতিত যে কেৱল অৰণ্য, নৈ-জান-জলাশয়েই হেৰাই গৈছে এনে নহয়।আনকি অইন বহু জীৱকূলো পৃথিৱীৰ বুকুৰ পৰা হৰাই যাবলগীয়া হৈছে আৰু সম্প্ৰতি বিলুপ্তপ্ৰায় অৱস্থাত আছে হাজাৰ হাজাৰ জীৱ প্ৰজাতি।ইয়াৰ ফলত পৰিৱেশতন্ত্ৰৰ ভাৰসাম্য যে বিনষ্ট হৈছে সেই কথাৰ বহল বাখ্যা নিস্প্ৰয়োজন।সুমেৰু-কুমেৰুৰ পৰিৱৰ্তনৰ কথালৈ নগৈ আমি আমাৰ সন্মুখত দেখি থকা অসমখনৰ কথা ক’ব পাৰো।কাজিৰঙা ৰাষ্টীয় উদ্যান, সোণাই-ৰূপাই অভয়াৰণ্য, পবিতৰাকে ধৰি প্ৰকৃতিৰ নুমলী জীয়ৰী হিচাপে খ্যা‍ত অসমৰ অৰণ্যঞ্চলৰ সিংহভাগেই এতিয়া উদং হৈ পৰিছে।চালে চকু ৰোৱা সেউজ পাহাৰে আবৰি থকা গুৱাহাটীৰ এতিয়াৰ তপা ৰূপ দেখিলে তাহানিৰ নাগৰিকসকলৰ বুকু মোচৰ খাই উঠাৰে কথা।স্বয়ং ৰাজধানী মহানগৰখনকে স্পৰ্শ কৰি থকা ঐতিহাসিক দীপৰ বিলখনেই ব্যপক হাৰত সংকুচিত হৈ আহিছে।দৰাচলতে সমগ্ৰ ৰাজ্যখনতে প্ৰকৃতিৰ ওপৰত অত্যাচাৰ দিনকদিনে বৃদ্ধি পাই আহিছে। গঁড় হত্যা,বাঘ হ্ত্যা ,হাতী হত্যা,দুপ্ৰাপ্য কেকোঁ সাপৰচ চোৰাং ব্যৱসায় এতিয়া সংবাদ মাধ্যমৰ নিত্য-নৈমিত্তিক খবৰ। তথাপি এনে অপকৰ্ম ৰোধ কৰাৰ ক্ষে্ত্রত বাৰম্বাৰ ব্যৰ্থ হৈ আহিছে চৰকাৰ- প্ৰশাখন।গতিকে পৰিবেশতন্ত্রও দ্ৰুতগতিত বিনস্ট হৈ আহিছে।ইয়াৰ প্ৰভাৱ যে মানব সমাজৰ ওপৰত পৰিছে তাৰ প্ৰমান হ’ল দিনে দিনে বৃদ্ধি পাই অহা বিভিন্ন দুৰাৰোগ্য ৰোগবোৰ। আজিৰ পৰা এবছৰমান পূৰ্বে এটা সৰ্বভাৰতীয় পৰ্যায়ৰ বেচৰকাৰি সংস্থাই প্ৰকাশ কৰা সমীক্ষাৰ নিয়ম অনুসৰি ভাৰতবৰ্ষৰ ভিতৰতে আাটাইতকৈ বেছিসংখ্যক কৰ্কট ৰোগী থকা জিলা হৈছে কামৰূপ মহানগৰ জিলা ।কামৰুপ মহানগৰ জিলাৰ বিনষ্ট পৰিবেশতন্ত্রৰ বাবেই এনে ঘটনা সংঘটিত হোৱা বুলি ভবাৰ অৱকাশ নিশ্চয় আছে।কামৰুপ মহানগৰ জিলাৰ তথা সমগ্ৰ ৰাজ্যখনৰেই প্ৰানকেন্দ্ৰ গুৱাহাটীৰ মাজেৰে একালত কমেও সাতখনকৈ নৈ থকাৰ কথা ইতিহাসে সোঁৱৰাই দিয়ে। ইয়াৰে কেবাখনো নদীৰ ইতিমধ্যে অপমৃত্যু ঘটিল আৰু অৱশিষ্ট যিকেইখন নৈ আছে সেয়াও নৈ নহৈ নৰ্দমাত পৰিণত হৈছে।প্ৰকৃতিৰ ওপৰত এনে নিধনযজ্ঞ চলালে প্ৰকৃতিয়ে কিমান দিনলৈ সহ্য কৰিব? কাৰণ প্ৰকৃতি নিস্প্ৰিান নহয়।সম্প্ৰতি বিশ্বৰ বিভিন্ন দেশৰ লগতে ভাৰতবৰ্ষ তথা অসম-উত্তৰ পূৰ্বাঞ্চলতো পৰিৱেশ-প্ৰকৃতিয়ে ভীষণ ৰূপ ধাৰণ কৰিছে।দূবছৰ পূৰ্বে এপ্ৰিল মাহতে ৰাজ্যখনত পাৰাস্তম্ভই ৩৯ ডিগ্ৰীৰ ঘৰ অতিক্ৰম কৰি জনজীৱন দহি নিছিল।প্ৰকৃতিৰ এনে খেয়ালি ৰূপৰ ওপৰত বিজ্ঞান-প্ৰযুক্তিয়ে বাৰে বাৰে হাৰমানি আহিছে।এই কথা বুজিয়ে স্বয়ম্ভু জীৱশ্ৰেষ্ঠসকলে পৰিৱেশ-প্ৰকৃতিৰ নীতি-নিয়ম উপেক্ষা নকৰি ভাৰসাম্য বজাই ৰখাৰ প্ৰচেষ্টা চলোৱা উচিত।সভা-সমিতি অনুষ্ঠিত কৰি অথবা প্ৰতীকি অৰ্থত গণ্য-মান্য ব্যক্তিৰ দ্বাৰা এটা গছপুলি ৰুলেই বিশ্ব পৰিৱেশ দিৱশ অৰ্থবহ হৈ নপৰে।সকলো সময়তেই প্ৰকৃতিৰ লগত সহাৱস্থানেহে পৰিৱেশতন্ত্রক জীৱকূলৰ উপযোগী কৰি ৰাখিব।

2 thoughts on “পৰিৱেশ-প্ৰকৃতি : NABAJYOTI PATHAK”

  1. I’m not sure where you’re getting your information, but good topic.

    I needs to spend some time learning much more or
    understanding more. Thanks for great information I was looking for this information for
    my mission.

Leave a Reply

Your email address will not be published. Required fields are marked *