স্বাস্থ্য সম্পৰ্কে কিছু কথা : উচ্চ ৰক্ত চাপ নিয়ন্ত্ৰণৰ উপায়

DR C MODAK

জীৱন শৈলী উন্নত কৰক:

১]নিমখ খোৱাৰ পৰিমাণ নিয়ন্ত্রন কৰক, প্ৰতিদিনে ৫ ৰ পৰা ৬ গ্ৰাম খাওক।

২] প্ৰচেচ্ড খাদ্য সামগ্ৰীৰ পৰা বিৰত থাকক। ৮০% নিমখ আহে প্ৰচেচড খাদ্যৰ পৰা।

৩] খাওক স্বাস্হ্যকৰ সন্তুলিত আহাৰ।প্ৰতিদিনে ৩০০-৪০০ গ্ৰাম ফল আৰু শাক পাচলি খাওক।

৪] নিয়মীয়াকৈ শাৰিৰীক কচৰৎ কৰক।সপ্তাহটোৰ ৫-৭ দিন অন্তত ৩০ মিনিটৰ বাবে হ’লেও এৰ’বিক ব্যায়াম যেনে খৰতকীয়াকৈ খোজ কঢ়া অথবা দৌৰা অথবা

চাইকেল চলোৱা কৰক।

৫] এলক’হলৰ সেৱন নিয়ন্ত্রন কৰক: পুৰুষৰ বাবে এদিনত ২৫ৰ পৰা ৩৮ মিলি-লিটাৰ (২০ৰ পৰা ৩০ গ্ৰাম); মহিলাৰ বাবে এদিনত ১৩ৰ পৰা ২৫ মিলি-লিটাৰ (১০ৰ পৰা ২০ গ্ৰাম)।

৬]চিগাৰেট সেৱন পৰিত্যাগ কৰক। ধপাত আপোনাৰ শৰীৰৰ বাবে অত্যন্ত ক্ষতিকাৰক। চিগাৰেট সেৱনে ৰক্ত চাপ আৰূ হৃদয়স্পন্দনৰ দ্ৰুত বৃদ্ধি ঘটাব পাৰে। ই উচ্চ

ৰক্ত চাপ থকা ৰোগীৰ ক্ষেত্রত অত্যাধিক হাৰত ধমনীৰ সংকোচন ঘটাব পাৰে।

৭] স্বাস্হ্যকৰ ওজন বজাই ৰাখক।

উচ্চ ৰক্ত চাপ সম্পকীয় সাধাৰণ ভূল ধাৰণা :

১. ভূল ধাৰণা: মই ভালে আছো। উচ্চ ৰক্ত চাপক লৈ চিন্তা কৰি থকাৰ মোৰ কোনো প্ৰয়োজন নাই।

ভাৰতবৰ্ষত হিচাপ কৰি পোৱা মতে ৩৪.৫% লৈকে পুৰুষ আৰু ৩৩.৫% লৈকে মহিলা উচ্চ ৰক্ত চাপত ভূগি আছে। তাৰ মাজৰে বহুতে গমেই নাপায় অথবা সাধাৰন

লক্ষণসমূহ অনুভৱেই কৰা নাই। উচ্চ ৰক্ত চাপ চিন্তাৰ বিষয়। যদি নিয়ন্ত্রণ কৰা নহয়, উচ্চ ৰক্ত চাপে আন বহু জটিল স্বাস্হ্যসম্বন্ধীয় সমস্যাৰ সৃস্টি কৰিব পাৰে।

২. ভূল ধাৰনা: উচ্চ ৰক্ত চাপত ভোগা লোকসকলৰ স্নায়ৱিক অসুবিধা হয়, ঘাম ওলায়, শুবলৈ অসুবিধা হয় আৰু তেওলোকৰ মুখমন্ডল ৰঙা চিঙা

হৈ পৰে।

মোৰ এনে কোনো লক্ষণ নাই, গতিকে মোৰ উচ্চ ৰক্ত চাপ কোনোপধ্যেই নাই।বহু লোকে গম নোপোৱাকৈয়ে বছৰ বছৰ ধৰি উচ্চ ৰক্ত চাপত ভূগি থাকে। উচ্চ ৰক্ত চাপক ‘ড চাইলেন্ট কিলাৰ’ বুলি কোৱা হয় কাৰণ ইয়াৰ কোনো লক্ষণ নাই, সেয়েহে আপুনি গম নাপাবও পাৰে যে ই আপোনাৰ ধমনী, হ্নৎপিন্ড আৰু আন আন অংগসমুহৰ অনিষ্ট কৰি আছে। লক্ষণসমূহক অনুমান কৰি ধৰি লোৱাৰ ভুল নকৰিব, ইয়াৰ পৰা আপোনাৰ উচ্চ ৰক্ত চাপৰ সমস্যাৰ উদ্ভৱ হ’ব পাৰে। সকলোৱে নিজৰ ৰক্ত চাপৰ

নম্বৰবোৰ জনা উচিত।

৩.ভূল ধাৰণা: উচ্চ ৰক্ত চাপক ৰোধ কৰিব নোৱাৰি।

যদি আপোনাৰ সম্বন্ধীয় লোকৰ উচ্চ ৰক্ত চাপ আছে, তেন্তে আপুনি হয়তো এনে এক গোটৰ লোকৰ মাজত পৰিব পাৰে যাৰ এনে হোৱাৰ আশংকা বেছি। যদিও আপোনাৰ

এনে সম্ভাৱনা বহুতখিনি আছে, তথাপি এই সমুহ উপায় আছে, যাৰ দ্বাৰা আপুনি উচ্চ ৰক্ত চাপ ৰোধ কৰিব পাৰিব। উচ্চ ৰক্ত চাপৰ সমস্যা থকা বহুত পৰিয়ালৰ লোকে

উচিত জীৱনশৈলীৰ বাচনিৰে এই সমস্যাৰ পৰা হাত সাৰিব পাৰিছে। উচ্চ ৰক্ত চাপ আৰু ইয়াক কেনেকৈ ৰোদ কৰিব পাৰি সেই সম্পৰ্কে নিজৰ চিকিৎসকৰ পৰামৰ্শ লওক।

৪. ভূল ধাৰণা: যিহেতু এটা নম্বৰ স্বাভাবিক, গতিকে ঠিকে আছে।

চিকিৎসকে যেতিয়া ৰক্ত চাপ জোখে , তেতিয়া আপুনি লক্ষ্য কৰিব পাৰে যে, তাত দুটা নম্বৰ থাকে, এটা আনটোৰ ওপৰত লিখা থাকে আপোনাৰ ৰক্ত চাপৰ যি কোনো

এটা নম্বৰও বাৰে বাৰে যদি স্বাভাৱিক জোখতকৈ ওপৰত থাকে, তেনেহ’লে আপুনি তৎক্ষনাত ব্যৱস্হা লোৱা উচিত হ’ব। আপুনি আৰু আপোনাৰ চিকিৎসকে আপোনাৰ

অংগবো্ৰৰ কিবা ক্ষতি হোৱাৰ আগেয়েই উচ্চ ৰক্ত চাপ আৰু আনকি উচ্চ ৰক্ত চাপ হোৱাৰ আগতেই তাৰ চিকিৎসাৰ কাৰণে আঁচনি তৈয়াৰ কৰি ল’ব পাৰে।

৫. ভূল ধাৰণা: উচ্চ ৰক্ত চাপ একো চিন্তণীয় বিষয় নহয়।

আগতিয়াকৈ আপুনি উচ্চ ৰক্ত চাপৰ কোনো লক্ষণ দেখা নাপাব পাৰে, সেয়েহে আপুনি এই সম্পৰ্কে বিশেষ চিন্তা নকৰিব পাৰে। উচ্চ ৰক্ত চাপৰ ফলত আপোনাৰ ৰক্তবাহী

নলী, হৃৎপিন্ড, বৃক্ক আৰু আন আন অংগসমূহৰ অনিষ্ট হ’ব পাৰে।

৬. ভূল ধাৰণা: উচ্চ ৰক্ত চাপৰ চিকিৎসা কৰি একো লাভ নহয়।


প্ৰকৃতাৰ্থত, যদি আপুনি চিকিৎসকৰ সৈতে আলোচনা কৰি উচ্চ ৰক্ত চাপ নিয়ন্ত্ৰন কৰিবৰ কাৰণে সৰ্বাত্মক তালিকা তৈয়াৰ কৰি এক আঁচনি বনায়, সেই আঁচনিয়ে কাম কৰিব পাৰে। উচ্চ ৰক্ত চাপ কি আৰু ই কেনেদৰে আপোনাৰ স্বাস্থ্যৰ হানি কৰিব পাৰে সেই বিষয়ে ভালদৰে জানি লোৱাটো ইয়াক নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত লোৱা প্ৰথম

পদক্ষেপ হ’ব-যাতে আপুনি আহিবলগীয়া বছৰবোৰত স্বাস্থ্যবান হৈ থাকিব পাৰে।

৭. ভূল ধাৰণা: মই পঢ়িবলৈ পাইছো যে সূৰা সেৱন কৰাটো হৃদপিন্ডৰ কাৰণে ভাল গতিকে মোৰ যিমান মন যায় মই খাব পাৰো ।

যদি আপুনি সুৰাকে ধৰি আন এলক’হল সেৱন কৰে, তেন্তে খুব কম পৰিমানত কৰিব । এলক’হলৰ বেছিকৈ আৰু নিয়মীয়া সেৱনে ৰক্ত চাপ নাটকীয়ভাৱে বঢ়াই দিব পাৰে। ইয়াৰ ফলত হৃদপিন্ডই কাম নকৰা হ’ব পাৰে, পক্ষাঘাত হ’ব পাৰে আৰু হৃৎস্পন্দন
অস্বাভাৱিক হ’ব পাৰে।

৮. ভুল ধাৰনা: মোৰ উচ্চ ৰক্ত চাপ আছে আৰু মোৰ ডাক্তৰে যিহেতু পৰীক্ষা কৰি দিয়েই, সেই কাৰনে মই আকৌ ঘৰত পৰীক্ষা কৰাৰ কোনো প্ৰয়োজন না্ই।​​

যিহেতু ৰক্ত চাপ উঠা নমা কৰি থাকিব পাৰে, সেয়েহে ঘৰত নিয়মীয়াকৈ পৰীক্ষা কৰা আৰু ৰক্তচাপ কিমান সেয়া লিখি ৰখাই আপোনাৰ স্বাস্থ্যৰ যত্ন লোৱাসকলক গুৰুত্বপূৰ্ণতথ্যৰ যোগান ধৰিব পাৰিব যেনে আপোনাৰ প্ৰকৃততে উচ্চ ৰক্ত চাপ আছেনে নাই আৰু যদি আছে তেনেহ’লে ‍আপোনাৰ চিকিৎসাৰ আঁচনিয়ে কাম কৰিছেনে নাই।প্ৰতিদিন

দিনটোৰ একেটা সময়তে ৰক্তচাপৰ জোখ লোৱাটো প্ৰয়োজনীয় যেনে ৰাতিপুৱা বা গধুলি, অথবা চিকিৎসকে যি ধৰণে পৰামৰ্শ দিয়ে।

৯.ভূল ধাৰণা: মোৰ উচ্চ ৰক্তচাপ আছিল আৰু মোৰ এতিয়া যিহেতু ৰক্তচাপ কম ওলাই আছে, গতিকে মই ঔষধ খোৱা বন্ধ কৰি দিব পাৰো।

উচ্চ ৰক্ত চাপ এটা জীৱনযোৰা বেমাৰ হ’ব পাৰে।আপোনাৰ চিকিৎসকৰ পৰাৰ্মশ সাবধানেৰে মানি চলিব, যদি সেয়া গোটেই্ জীৱন প্ৰত্যেক দিনা ঔষধ খোৱাৰো হয,

তেতিয়াও মানি চলিব। আপোনাৰ স্বা্স্থ্যৰ যত্ন লোৱাসকলৰ লগত সহযোগৰ জৰিয়তে আপুনি আপোনাৰ চিকিৎসাৰ লক্ষ্যত উপনীত হব পাৰিব আৰু সুস্বা্স্থ্যৰ লাভ উপভোগ কৰিব পাৰিব।

১০.ভূল ধাৰণা: বয়সস্থ ৰোগী সকল কশ্চিতহে চিকি্ৎসাৰ জৰিয়তে নিৰ্দ্বাৰন কৰা ৰক্ত চাপত উপনীত হ’ব পাৰে।

এইটো এটা বহুত পুৰণা ভুল ধাৰণা যে বয়সস্থ ৰোগী সকলৰ ৰক্ত চাপে এণ্টিহাইপাৰটেনচিভ চিকি্ৎসাৰ প্ৰতি সহা্ঁৰি নজনায়। ইয়াৰ বিপৰীতে, বয়সস্থ ৰোগী সকলৰ ওপৰত কৰা নতুন চিকি্ৎসা বিষয়ক গবেষণাৰ পৰা এই কথা স্পষ্টকৈ ওলাই পৰিছে যে বয়সস্থ লোক সকলে বেছিকৈহে সহাঁৰি জনায়, কেৱল সেয়াই নহয়,

ৰ্নিদ্ধাৰন কৰা ৰক্ত চাপত উপনীত হোৱা লোকৰ ভিতৰত ডেকা মানুহৰ তুলনাত বয়সস্থলোকৰ স্ংখ্যা বেছি।

ঘৰতে ৰক্ত চাপ পৰীক্ষা কৰক: ঘৰত ৰক্ত চাপ জোখাৰ সহজ উপায়

১. সকলো ধৰনৰ মনোযোগ ভ্ংগ কৰিব পৰা বস্তু যেনে হুলস্থূলীয়া স্ংগীত অথবা টি ভিৰ পৰা আ্ঁতৰি এক আৰামদায়ক ঠাই বাচি লওক।

২.জোখ লোৱাৰ আগতে ১৫ মিনিট সময় হ’লেও আৰাম কৰক।

৩.জোখ লোৱাৰ ২ ঘন্টা আগলৈকে যিকোনো কেফিনযুক্ত পানীয় (যেনে চাহ, কফি বা ক’লা) গ্ৰহন নকৰিবলৈ চেষ্টা কৰক বা চিগাৰেট সেৱন কৰাৰ (যদিহে অপুনি চিগাৰেট সেৱন কৰা এতিয়ালৈকে বাদ দিয়া নাই) পৰা বিৰত থাকক কাৰণ এইবোৰে আপোনাৰ ৰক্ত চাপ বৃদ্ধি কৰাত সহায় কৰিব পাৰে।

৪.চুতি হাতৰ টি-চাৰ্ট পিদ্ধক অথবা ঢিলা কাপোৰ পিদ্ধক যাতে চোলাটোৰ হাতখন আৰামেৰে ওপৰলৈ উঠাব পৰা যায়।

৫.এইতো খুবেই প্ৰয়োজনীয় যে আপোনাৰ বাহু যাতে ধৰি ৰখা হয় আৰু বাহুৰ চাৰিওফালৰ কাফটো যাতে আপোনাৰ হৄ্ৎপিণ্ডৰ সমান উচ্চতাত থাকে।

৬.আপুনি আপোনাৰ বাহুৰ সুবিধাৰ বাবে এটা গাৰুৰ সহায় ল’ব পাৰে যাতে ই সঠিক উচ্চতাত থাকে । লক্ষ্য ৰাখিব যাতে বাহুটো আৰামত কোনো অসুবিধা নোহোৱাকৈ থাকে।

৭.ৰক্ত চাপ জুখিবৰ কাৰনে সদায় একে সঁজুলি ৱ্যৱহাৰ কৰিব,পৰাপক্ষত সৈই একে সঁজুলি যিটো ক্লিনিকত ব্যৱহাৰ কৰা হয়।

৮. জোখ লোৱা সময়ত লৰ-চৰ নকৰিব আৰু মৌন হৈ থাকিব। কথা পাতিলে বা লৰ-চৰ কৰিলে ই জোখ লোৱাৰ ক্ষেত্ৰত প্ৰভাৱ পেলাব পাৰে।

৯. দুই মিনিটৰ ব্যৱধানত দুবাৰ বা তিনিবাৰকৈ জোখ লওক আৰু তাৰ পিছত গড় উলিয়াই লওক।

১০. যেনেকৈয়ে সম্ভৱ হয়, আপোনাৰ ৰক্তচাপ একেটা পৰিবেশতে জোখা উচিত, দিনৰ একে সময়তে, একে ধৰণেৰে প্ৰত্যেক বাৰতে।

Leave a Reply

Your email address will not be published. Required fields are marked *